ভাৰ্চুৱেল (Virtual) কাৰ্যনিৰ্বাহক সভাৰ বিৱৰণ:

ভাৰ্চুৱেল (Virtual) কাৰ্যনিৰ্বাহক সভা: ৭ জুলাই ২০২০


সভাৰ বিৱৰণ:
দৰং মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্র-ছাত্ৰী সংস্হাৰ প্ৰথমখন ভাৰ্চুৱেল (Virtual) কাৰ্যনিৰ্বাহক সভাৰ Google Meet ত ৭ জুলাই ২০২০ তাৰিখ মঙ্গলবাৰে সন্ধ্যা ৭বাজি ৩০ মিনিটৰ পৰা অনুষ্ঠিত কৰা হয়। সভাৰ আৰম্ভণিতে পদ্মশ্রী বঁটাৰে বিভূষিতা সাহিত্যিক তথা দৰং মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপিকা শীলা বৰঠাকুৰ বাইদেউৰ দেহাৱসানত সংস্হাই গভীৰ শোক প্রকাশ কৰে। সংস্থাৰ সভাপতি শ্রীযুত হেমন্ত কুমাৰ বৰুৱাদেৱে সভাপতিত্ব কৰা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে সাধাৰণ সম্পাদক ড০ মনোজ কুমাৰ হাজৰিকাই। তেখেতে বৰ্তমানৰ কভিড-১৯ৰ লক-ডাউনৰ পৰিস্থিতিৰ লগত খাপখোৱাই ছাত্র-ছাত্ৰী সকলৰ বৌধিক আৰু মানসিক বিকাশৰ লগতে স্বনিৰ্ভৰশীল হ'ব পৰাকৈ এলানি ৱেবিনাৰ (webinar) আয়োজন কৰাৰ বাবে আৰু লগতে বাৰ্ষিক সাধাৰণ সভা আৰু Alumni Day অনুষ্ঠিত কৰাৰ ওপৰত আলোচনা কৰাৰ বাবে উক্ত সভাখনৰ আহ্বান কৰা হৈছে বুলি জানিবলৈ দিয়ে। সভাত সৰ্বসন্মতি মৰ্মে তলৰ সিদ্ধান্ত সমূহ লোৱা হয়:
১) কভিড-১৯ ৰ  দুৰ্য্যোগ অন্ত পৰা পাচতহে সাধাৰণ সভাখন আৰু এলুমিনি দিৱস অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। লগতে বৰ্তমানৰ কাৰ্যনিৰ্বাহক সমিতিখন পৰবৰ্তী সাধাৰণ সভা অনুষ্ঠিত নোহোৱালৈকে বাহাল থাকিব।
২) অনলাইনযোগে বিভিন্ন কাৰ্যসূচী, ৱেবিনাৰ আদি অনুষ্ঠিত কৰিবলৈ সাধাৰণ সম্পাদকক দায়িত্ব অৰ্পণ কৰে। প্ৰথমখন ৱেবিনাৰ ছাত্র-ছাত্ৰী সকলৰ মানসিক চাপ নিয়ন্ত্রণ ওপৰত অনুষ্ঠিত কৰিবলৈ সভাই পৰামৰ্শ আগবঢ়াই।
আজিৰ ভাৰ্চুৱেল (Virtual) কাৰ্যনিৰ্বাহক সভাখনত সভাপতি শ্ৰীযুত হেমন্ত কুমাৰ বৰুৱা , সাধাৰণ সম্পাদক ড০ মনোজ কুমাৰ হাজৰিকা প্ৰমুখ্যে দৰং মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ জয়শংকৰ হাজৰিকা, ড০ বিধান বৰা, ড০ দুলাল চন্দ্র দাস, অৰুণিম দাস আৰু নৃপেন বৰাদেৱ উপস্থিত থাকে।
ড০ মনোজ কুমাৰ হাজৰিকা
সাধাৰণ সম্পাদক
তাং: ৭ জুলাই ২০২০

Comments

Popular posts from this blog

1st Virtual Executive Meeting